You are here
Home > Lyrics > Assamese > Lyrics: Pakhi Pakhi Ei Mon – Zubeen Garg – Pakhi

Lyrics: Pakhi Pakhi Ei Mon – Zubeen Garg – Pakhi

Pakhi Pakhi Ei Mon - Zubeen Garg

Title: Pakhi Pakhi Ei Mon (পাখি পাখি এই মন)
Singer: Zubeen Garg (জুবিন গাৰ্গ )
Lyrics & Composer: ZUBEEN GARG
Album: Pakhi (পাখি)

♪ ♫ Lyrics ♪ ♫

পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি
উৰি, পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম
এৰি অহা পদূলিত
বুটলি আন ল’ৰালি
উৰি, পাখি মেলি যা উৰি
দেউতাৰ হাঁহিৰে
আইৰ স’তে উমলি
ৰ’দে বৰষুণে ধেমালী
আজৰি সেই আবেলি
উৰি, পাখি মেলি যা উৰি

দোকমোকালিৰ মোৰ পঢ়াশালি
ইংৰাজী-অংক তপিনাত এচাৰি
খিৰিকিৰ ফাঁকেৰে মুকুতিৰ আবেলি
ঘৰলৈ উভটি
খেলা মৰা-মৰি
দেউতাৰ ৰঙা চকু
একে কোবে মাৰ বুকু
পঢ়া টেবুলত
ভাগৰত টোপনি
আইৰ নিচুকণি
মৰমৰ বুলনি
পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি
উৰি, পাখি মেলি যা উৰি

জোনমনি ৰুনজুন
তেতিয়া চকুত জোন
নিভাঁজ আবেগৰ
টোপাটোপে সৰা সোণ
সাঁতুৰি নাদুৰি
এটি এটি ৰাতি দিন
খেলা লুকা-চুৰি
নিজকে বিছাৰো কোন
ৰঙা-নীলা চিলা
উৰি উৰি মনে খেলা
এতিয়া কবিতা গানৰে শলিতা
অকলে বুকুতে চকুলো বুটলি

পাখি পাখি এই মন
পাখি লগা মোৰ মন
পাখি মেলি যা উৰি
উৰি, পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম
এৰি অহা পদূলি
বুটলি আন ল’ৰালি
উৰি, পাখি মেলি যা উৰি
দেউতাৰ হাঁহিৰে
আইৰ স’তে উমলি
ৰ’দে বৰষুণে ধেমালী
আজৰি সেই আবেলি
উৰি, পাখি মেলি যা উৰি

More Lyrics:

Leave a Reply

Top