You are here
Home > Lyrics > Assamese > Lyrics: Nohole Porichoy Hiyare | Zubeen Garg | Hiya Diya Niya

Lyrics: Nohole Porichoy Hiyare | Zubeen Garg | Hiya Diya Niya

Nohole Porichoy Hiyare - Zubeen Garg- Hiya Diya Niya

Song Title       : Nohole Porichoy Hiyare (নহ’লে পৰিচয় হিয়াৰে)
Singer            : Zubeen Garg  (জুবিন গাৰ্গ )
Album/Movie  : Hiya Diya Niya (হিয়া দিয়া নিয়া)

 

♪ ♫ Lyrics ♪ ♫

নহ’লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ’ব পাৰে
নহ’লে পৰিচয় হিয়াৰে
চিনাকি জানো কোনো হ’ব পাৰে
ল’ৰালিৰ ঘাটে ঘাটে উমলি থাকোতেই
অচিনা পানচৈ লাগিলেহি ঘাটতে মোৰ অজানিতে
দোলনি দিলে নুবুজাকে মনতে মোৰ গুপুততে
যৌৱনে ক’লে আজি সেয়াই
হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া

 

প্ৰথম… প্ৰেমকে… পাহৰিব পাৰিলে
প্ৰেমৰ স্মৃতিকে মোহাৰিব পাৰিলে
তথাপিতো বাৰে বাৰে চিগি যাব কিয় খোজে সুৰ
অকাৰণে অজানিতে
ল’ৰলিৰ উমলোতে ভাল লগা সুৰ
মনে মনে
যৌৱনে ক’লে আজি এয়াই
হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া

 

ল’ৰালিৰ… সুৰকেই… বিছাৰি হে আহিলো
অচিনা ঘাটতে বিছাৰি যে নাপালো
সময়নো কিয় বাৰু খেলিলেহি লুকা ভাকু হায়
বাৰে বাৰে অজানিতে
উভতিলো উকা হাতে লৈ মাথো মোৰ সোৱৰণি
যৌৱনে ক’লে আজি এয়াই
হিয়া দিয়া নিয়া
হিয়া দিয়া নিয়া

One thought on “Lyrics: Nohole Porichoy Hiyare | Zubeen Garg | Hiya Diya Niya

  1. নহলে পৰিচয় হিয়াৰে চিনাকী জানো কোনো হব পাৰে। জুবিন দা ৰ প্ৰতিটো গীতেই একো একোখন গ্ৰন্থ। সেয়ে তেওঁৰ এই কৰ্মৰাজী অনুবাদ কৰাৰ চেষ্টা কৰা হৈছে যাৰ বাবে আমি আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। অনুগ্ৰহ কৰি https://findmyindia.com/ Visit কৰি জনাওক কেনে পাইছে।

Leave a Reply

Top