You are here
Home > Lyrics > Assamese > Lyrics: Keuphale Gujori Gumori (কেওঁফালে গুজৰি গুমৰি) | Zubeen Garg | Hiyamon

Lyrics: Keuphale Gujori Gumori (কেওঁফালে গুজৰি গুমৰি) | Zubeen Garg | Hiyamon

Keuphale Gujori Gumori কেওঁফালে গুজৰি গুমৰি- Zubeen Garg -Hiyamon - Diganta Bharti

Song : Keuphale Gujori Gumori (কেওঁফালে গুজৰি গুমৰি)
Album : Hiyamon (হিয়ামন)
Singer : Zubeen Garg (জুবিন গাৰ্গ )
Lyrics/Tune: Diganta Bharati (দিগন্ত ভাৰতী)

♪ ♫ Lyrics ♪ ♫

কেওঁফালে গুজৰি গুমৰি আহিলে বান
উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন
পলকতে উটি গল গোহালিৰে গৰুহাল
পলকত নিয়তিয়ে মোক কৰিলে কঙাল
অ’ অ’ অ’
উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন
কেওঁফালে গুজৰি গুমৰি আহিলে বান
উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন
পলকতে উটি গল গোহালিৰে গৰুহাল
পলকত নিয়তিয়ে মোক কৰিলে কঙাল

নামচাং নৈ
নামচাং নৈ
নামচাং নৈ
কিয়নো আনিলি মৰণৰে বান
নামচাং নৈ
নামচাং নৈ
নামচাং নৈ
কিয়নো আনিলি মৰণৰে বান
খেতিদৰা উভতাই দে ভঁৰালৰো ধান
খেতিদৰা উভতাই দে ভঁৰালৰো ধান
অ’ অ’ অ’
আছেনে তোৰ গুৰিতে ইয়াৰে সমিধান
কেওঁফালে গুজৰি গুমৰি আহিলে বান
উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন
পলকতে উটি গল গোহালিৰে গৰুহাল
পলকত নিয়তিয়ে মোক কৰিলে কঙাল

বান্ধ ভাঙি খেদি আহে ভদীয়া ধল
জিৰাবৰো নাই যে অকনি থল
বান্ধ ভাঙি খেদি আহে ভদীয়া ধল
জিৰাবৰো নাই যে অকনি থল
বানে বানে উটি যাই দুবাহুৰে বল
বানে বানে উটি যাই দুবাহুৰে বল
অ’ অ’ অ’
মৰি মৰি বাচো আমাৰো যে কপাল
কেওঁফালে গুজৰি গুমৰি আহিলে বান
উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন
পলকতে উটি গল গোহালিৰে গৰুহাল
পলকত নিয়তিয়ে মোক কৰিলে কঙাল
অ’ অ’ অ’
উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন
কেওঁফালে গুজৰি গুমৰি বান
উটুৱাই নিলেহি গাঁওখন, সুখৰে ঘৰখন
পলকতে উটি গল গোহালিৰে গৰুহাল
পলকত নিয়তিয়ে মোক কৰিলে কঙাল

Leave a Reply

Top