Lyrics: Hunere Hojuwa Poja | Zubeen Garg | Mukti Assamese Lyrics by lyfadmin - November 16, 2021September 20, 20250 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : Hunere Hojuwa Poja (সোণেৰে সজোৱা পজা) Singer : Zubeen Garg (জুবিন গাৰ্গ ) Album/Movie : Mukti (মুক্তি) ♪ ♫ Lyrics ♪ ♫ সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই… সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই… এধানী এধানী কৈ মেদিনী হেৰাই সাতোৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই… বুঢ়ী আইৰ জুহালতে চকুলো শুকাই দেউতাৰো একে দশা পদুলিলৈ চায় বহুদিন হ’ল সৰুবোপাৰ মুখ দেখা নাই চেনেহীৰ আকাশত আজি জোন তৰা নাই হালৰ গৰু গোহালিতে পথাৰো শুকাই ৰাতি হ’লেই গুলিৰ শব্দই ৰজন্ জনাই… সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই… সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই… স্বাধীনতাৰ বুজ লওঁতেই এশ বছৰ গ’ল বিষ্ণু জ্যোতিৰ জোনাকীৰ দেশ এতিয়াও নহ’ল মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ পঢ়া শুনা সংস্কৃতি সকলো অশাৰ এইয়া জানো সপোন আছিল কুৰি শতিকাৰ সকলোতে মাথো প্ৰশ্ন অনিয়ম অনাচাৰ সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই… সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই… এধানী এধানী কৈ মেদিনী হেৰাই সাতোৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিবহি পাৰিব দুনাই… More Lyrics: Ondho Aakash (অন্ধ আকাশ ) Mon Jai (মন যায়) Protidine Tumi (প্ৰতিদিনে তুমি) Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share