Lyrics: HIKOLI | ZUBEEN GARG | PAKHI Assamese Lyrics by lyfadmin - October 4, 2025October 4, 20250 Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share Song Title : Hikoli (শিকলি চিঙি তুমি) Singers : Zubeen Garg (জুবিন গাৰ্গ ) & Mondakini Bora Album/Movie : Pakhi (পাখি) Lyrics/Music : Zubeen Garg (জুবিন গাৰ্গ ) ♪ ♫ Lyrics ♪ ♫ শিকলি চিঙি তুমি যাবা কেনেকৈ?আজি মোক পাহৰি,,,,,,, মৰমৰ এনাজৰী এনেকৈ আজোঁৰিকেনি যোৱা আতৰি? “মই তৰা আকাশৰ, মই পৰী সপোনৰনাহিবা কাষলে নুচুবা মোক৷ জোন-বেলি একাকাৰ মোৰ এই ৰূপতেইসময়ো যে থমকি চাই মাথো মোৰ৷” অভিমানী,,,,,,,,,,,,“চুব খুঁজিলেই নিজে হেৰুৱাব,চাব খুজিলেই এন্ধাৰ দেখিব,সপোনহে মাথো নহওঁ দিঠক মই,বুজি পোৱা যদি পোৱা৷ আলসোৱা মন নোৱাৰা বান্ধিব,সজা ভাঙি থৈ উৰিব খুজিব,সময় থাকোতেই দুচকু মোহাৰি,সাৰ পোৱা যদি পোৱা৷” অভিমানী প্ৰিয়া মোৰ,, নুশুনো নুবুজো মইতোমাৰ তৰা চকু, আশা মোৰ তিৰেবিৰাই৷শিকলি চিঙি তুমি যাব নোৱাৰাআজি মোক পাহৰি,,,,, অভিমানী,,,,,,,,,,,,,,“এদিন দুদিনকৈ বছৰ বহু গ’ল,এপল দুপলকৈ সময় গলি গ’ল,তোমাৰ আশাতেই হৃদয় জলি ৰ’ল,নুবুজিলা মোৰ বেথা৷ এতিয়া আহিছা আকৌ কাষলৈ,পাহৰা সপোনক জীৱন দিবলৈ,চকুত পোহৰ সিঁচি এন্ধাৰ হ’বলৈ,ক’ত পালা অধিকাৰ কোৱা?” অভিমানী প্ৰিয়া মোৰ,, একেদৰেই আছো মইআহিব আকৌ ঘুৰি জোনাক নিবিৰ প্ৰণয়৷শিকলি চিঙি তুমি যাবা কেনেকৈ?আজি মোক পাহৰি,,,,, মৰমৰ এনাজৰী এনেকৈ আজোঁৰিকেনি যোৱা আতৰি?“তুমি মোৰ আবেলি, হাইতাৰ হেঙুলীকৰিলাহি ৰাঙলী, হিয়া মোৰ এধানি৷সকলো পাহৰি, নতুনক আদৰিখোজ দিওঁ আমি অতীতক গচকি৷” Share on Facebook Share Share on TwitterTweet Share on Pinterest Share Share on LinkedIn Share Share on Digg Share