Daily Life

Lyrics: TUMI JANANE (তুমি জানানে) | Zubeen Garg and Zublee Baruah

Lyrics - Tumi Janane - Zubeen Garg and Zublee Baruah

Song Title : TUMI JANANE (তুমি জানানে)
Singers : Zubeen Garg (জুবিন গাৰ্গ ) & Zublee Baruah (জুবলী বৰুৱা)
Theatre : Hengool Theatre
Music : Zubeen Garg (জুবিন গাৰ্গ )
Lyricist: Anup Baruah

♪ ♫ Lyrics ♪ ♫

তুমি জানানে সাগৰ গভীৰ কিমান
মোৰ মৰমৰ গভীৰতাও সিমান
তুমি জানানে আকাশ বিশাল কিমান
মোৰ মৰমৰ বিশালতাও সিমান
এতিয়া মোৰ চৌপাশে তোমাৰ
সুৰৰ গুনগুননি
এতিয়া মোৰ সকলোতে মাথো তুমিয়েই তুমি
তুমি জানানে কিমান আপোন তুমি
তুমি জানানে কিমান আপোন তুমি
তুমি জানানে সাগৰ গভীৰ কিমান
মোৰ মৰমৰ গভীৰতাও সিমান
মোৰ মৰমৰ গভীৰতাও সিমান

যেন সৰগ ঢুঁকি পাওঁ মই এই মৰতত,
যেতিয়া তুমি আহি ৰোৱাহি
মোৰে কাষত
যেন সৰগ ঢুঁকি পাওঁ মই এই মৰতত,
যেতিয়া তুমি আহি ৰোৱাহি
মোৰে কাষত
দুবাহুত সাবতি ৰাখা মোক তোমাৰ
তুমি অহাৰ পৰাই মোৰ জীৱন সলনি
সাতো ৰঙীন ৰামধেনুতকৈও ৰঙীন তুমি
তুমি জানানে কিমান আপোন তুমি
তুমি জানানে কিমান আপোন তুমি
তুমি জানানে সাগৰ গভীৰ কিমান
মোৰ মৰমৰ গভীৰতাও সিমান
মোৰ মৰমৰ গভীৰতাও সিমান

প্ৰতিটো উশাহত মোৰ এতিয়া তোমাৰ অনুভৱ,
তোমাৰ মৰমৰ কোলাতেই লম জিৰণী ভাগৰত
প্ৰতিটো উশাহত মোৰ এতিয়া তোমাৰ অনুভৱ,
তোমাৰ মৰমৰ কোলাতেই লম জিৰণী ভাগৰত
দুয়ো মিলি হম এটি আশা এই ক্ষণত
সপোন সপোন লাগে প্ৰতিপল আজি
তুমি অহাৰ পৰাই জীৱন সলনি
তুমি জানানে কিমান আপোন তুমি
তুমি জানানে কিমান আপোন তুমি
তুমি জানানে সাগৰ গভীৰ কিমান
মোৰ মৰমৰ গভীৰতাও সিমান
মোৰ মৰমৰ গভীৰতাও সিমান

তুমি জানানে আকাশ বিশাল কিমান
মোৰ মৰমৰ গভীৰতাও সিমান
মোৰ মৰমৰ বিশালতাও সিমান

WATCH

Exit mobile version