Daily Life

Lyrics: JUN JWOLI | Roi Roi Binale | Zubeen Garg

Jun Jwoli - Roi Roi Binale - Zubeen Garg

Song Title : JUN JWOLI (জোন জ্বলি)
Singer : Zubeen Garg (জুবিন গাৰ্গ )
Album/Movie : Roi Roi Binale (ৰৈ ৰৈ বিনালে)
Lyrics/Music : Zubeen Garg (জুবিন গাৰ্গ )

♪ ♫ Lyrics ♪ ♫

জোন জ্বলি শেষ হয়
মন গলি শেষ হয়
এটি এটি পল যেন
বুকু বিদাৰি ৰয় ৷
তুমি নাহিলে সোণ
ৰাতিও নুপুৱায়
ভঙা কলিজা মোৰ
ৰৈ ৰৈ বিনায় !
জোন জ্বলি শেষ হয়
মন গলি শেষ হয়
এটি এটি পল যেন
বুকু বিদাৰি ৰয় ৷

জীয়া জীয়া সপোন
ৰিঙা ৰিঙা চোন
তুমি মাথোঁ মোৰ
দূৰণিৰে জোন
দুচকুৰে নৈ
নিৰৱধি বয়
উৰুঙা হিয়াতে
দুখে কথা কয়
জোনাকে চুমি চায়
নিচুকায় মোৰ হৃদয়
তুমি নায় একো নায়
নিশায়ে মাথোঁ বিনায়
জোন জ্বলি শেষ হয়
মন গলি শেষ হয়
এটি এটি পল যেন
বুকু বিদাৰি ৰয় ৷

উশাহে উশাহে বেদনা বৰষে
সুৰে সুৰে গানে
চকুলো তোমাৰে
নিথৰ বতাহত সুবাস বিচাৰোঁ
উকা আঁচলতে এন্ধাৰ বুটলো
তমসাৰ এই মায়া
এতিয়া আপোন
প্ৰতিদিন প্ৰতিপল
ধুমুহাৰ নাচোন

জোন জ্বলি শেষ হয়
মন জ্বলি শেষ হয়
এটি এটি পল যেন
বুকু বিদাৰি ৰয় ৷
তুমি নাহিলে সোণ
ৰাতিও নুপুৱায়
ভঙা কলিজা মোৰ
ৰৈ ৰৈ বিনায় !

More Lyrics:

WATCH

Exit mobile version