Site icon Daily Life

Lyrics: Bhoba Kotha Nohoi Sidhi (ভবা কথা নহয় সিদ্ধি) | Zubeen Garg | SISHU

Lyrics - Bhoba Kotha Nohoi Sidhi - Zubeen Garg - SISHU

SISHU

🎵 Song: Bhoba Kotha Nohoi Sidhi (ভবা কথা নহয় সিদ্ধি)
🎤 Singer: Zubeen Garg (জুবিন গাৰ্গ)
✍️ Lyrics & Composer: Zubeen Garg
💿 Album: SISHU (শিশু)

♪ ♫ Lyrics ♪ ♫

ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবাগৈ উজুটি
ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবাগৈ উজুটি
ধন জন মিছা মায়া
সপোনৰে মাথো ছাঁয়া
ধন জন মিছা মায়া
সপোনৰে মাথো ছাঁয়া
নাথাকিব একোকে শেষতে
ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবাগৈ উজুটি

টকা আৰু মান
দিনে ৰাতি কাম
ভুল শুদ্ধ নভবাকৈ
খাব খোজে ধান
বন্ধ চকু কাণ
চিনি পোৱাই টান
মৰিবলে হ’লে চাগে
ল’ব হৰি নাম
সাবটিছা মিছা মায়া
সপোনৰে মাথো ছাঁয়া
সাবটিছা মিছা মায়া
সপোনৰে মাথো ছাঁয়া
ধোঁৱা আৰু ধুলিহে শেষতে
ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবাগৈ উজুটি

বিবেক আৰু প্রাণ
তাতকৈ গুলীৰ দাম
মানুহকৈ কুকুৰে পায়
মৰম আৰু মান
চৰকাৰে গান
মিছা কথাৰ বান
গঢ়িব নতুন অসম
দিব পৰিত্ৰাণ
সাবটিছা মিছা মায়া
সপোনৰে মাথো ছাঁয়া
সাবটিছা মিছা মায়া
সপোনৰে মাথো ছাঁয়া
ধোঁৱা আৰু ধুলিহে শেষতে
ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবাগৈ উজুটি
ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি
খোজে খোজে খাবাগৈ উজুটি

Exit mobile version