Site icon Daily Life

Lyrics: Parbatar Dhekiya Lihiri Potiya | Junbai | Zubeen Garg | Manas Robin

Parbatar Dhekiya Lihiri Potiya - Zubeen Garg

Title : Parbatar Dhekiya Lihiri Potiya (পৰ্বতৰ ঢেঁকীয়া লিহিৰিপতীয়া)
Album : Junbai (জোনবাই)
Singer : Zubeen Garg (জুবিন গাৰ্গ )
Lyrics : Manas Robin (মানস ৰবীন)
Music: Manas Robin (মানস ৰবীন)

♪ ♫ Lyrics ♪ ♫

পৰ্বতৰ ঢেঁকীয়া লিহিৰিপতীয়া
বতাহত যেনেকৈ হালে
ঢোলৰে চাপৰত তোৰে লাহী কঁকাল
দুছেও তিনিছেওকে ভাগে
তোৰ দৰে নাচনী দেখি শ্ৰীকৃষ্ণই
বাঁহী বজাইছিলে চাগে
মোৰ মইনা ঐ
বাঁহী বজাইছিলে চাগে

পৰ্বতৰ ঢেঁকীয়া লিহিৰিপতীয়া
বতাহত যেনেকৈ হালে
ঢোলৰে চাপৰত তোৰে লাহী কঁকাল
দুছেও তিনিছেওকে ভাগে
তোৰ দৰে নাচনী দেখি শ্ৰীকৃষ্ণই
বাঁহী বজাইছিলে চাগে
মোৰ মইনা ঐ
বাঁহী বজাইছিলে চাগে

পাহাৰী নিজৰা দেখি ভালে লগা
কুলু কুলু কৰি নামে
ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া
কঁকাল খামুচীয়া হ’লে
ডেকাতো বাদেই দে
বুঢ়ায়ো জাঁপ মাৰিব
বিহু নাচিব পালে
মোৰ মইনা ঐ
বিহু নাচিব পালে

ফাগুনৰ পছোৱাই আগলি কলাপাত
ছিৰিলি ছিৰিলি কৰে
যৌৱনৰ ধুমুহা উদঙীয়া মন
যেনি তেনি জান ঐ উৰে
তোকে দেখাৰ পৰা জাননে বুকুত মোৰ
ঘনাই ভুমিকম্প আহে
মোৰ মইনা ঐ
ঘনাই ভুমিকম্প আহে

লগৰ সমনীয়া যোৰ পাতি আহে
হাঁহি দেখি ভাগৰ লাগে
তেনেকৈ নেচাবি চকু থৈ চকুতে
বুকুত মেজিৰে জুই জ্বলে
তোৰে কাষ চাপি গ’লে মোৰ মৰমী
বাঁহী বজাই দিওঁ যেন লাগে
মোৰ মইনা ঐ
বাঁহী বজাই দিওঁ যেন লাগে

WATCH

Exit mobile version