Daily Life

Lyrics: Niyorore Phool | Mukha | Zubeen Garg | Nabakanta Baruah

NIYORORE PHOOL - Mukha- Zubeen Garg

Song Title : Niyorore Phool (নিয়ৰৰে ফুল)
Singer : Zubeen Garg (জুবিন গাৰ্গ )
Album : Mukha ( মুখা )
Tune : Dr. Bhupen Hazarika (ড° ভূপেন হাজৰিকা)
Lyricist: Nabakanta Baruah (নৱকান্ত বৰুৱা)

♪ ♫ Lyrics ♪ ♫

নিয়ৰৰে ফুল
এপাহ ফুলিল
এপাহ সৰিল কেনি
নিয়ৰৰে ফুল
এপাহ ফুলিল
এপাহ সৰিল কেনি
যেনি যায় বলাকাই
যেনি যায় বলাকাই
মেঘ কাগজতে…
নেদেখা ৰেখা টানি
নিয়ৰৰে ফুল
এপাহ ফুলিল
এপাহ সৰিল কেনি

আইনো জনীৰ চকুৰ মণিত
দিনৰ পাহাৰ নাচিছিল
সেই পাহাৰেই ৰাতিৰ মায়াত
আকাশ হৈ পৰিছিল
অন্ধকাৰৰ এটোপাল মম
অন্ধকাৰৰ এটোপাল মম
গান হৈ সৰি পৰিছিল
শব্দময়ী পৰীৰ ৰাণী
শব্দময়ী পৰীৰ ৰাণী
উৰি আহিছিল….
গণি গণি, তৰাৰ মালাৰ মণি
এপাহ ফুলিল
এপাহ সৰিল কেনি ?
নিয়ৰৰে ফুল
এপাহ ফুলিল
এপাহ সৰিল কেনি

সেই কন্ঠমণিৰ গুণ-গুণনি
সেই কন্ঠমণিৰ গুণ-গুণনি
সৰি পৰি, সৰি পৰি
বনৰ নিয়ৰ হৈ
এপাহ ফুলিল
এপাহ সৰিল কেনি ?
যেনি যায় বলাকাই
যেনি যায় বলাকাই
মেঘ কাগজতে
নেদেখা ৰেখা টানি
নিয়ৰৰে ফুল
এপাহ ফুলিল
এপাহ সৰিল কেনি ?
নিয়ৰৰে ফুল
এপাহ ফুলিল
এপাহ সৰিল কেনি ?

WATCH

Exit mobile version