Title: Kunubai Ringiyai (কোনোবাই ৰিঙিয়াই)
Singer: Zubeen Garg (জুবিন গাৰ্গ )
Lyrics & Composer: ZUBEEN GARG
Album: Sobdo (শব্দ)
♪ ♫ Lyrics ♪ ♫
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
চকুলো চকুতে শুকাই
মনে মোৰ নিচুকাই
চকুলো চকুতে শুকাই
কোনোবাই ৰিঙিয়াই
(স্বৰগম)
ৰাতি ৰাতি লওঁ সাৱটি
নদীৰ ৰাগে মৌ বুকু ভৰি
খোজে খোজে যেন পুৱতি
চুব খোজোতেই হয় দুৰণি
সপোনৰে ঢৌ দুচকুত লৈ
তুমি আছা উটি ভাহি ফুৰি
বেদনাৰ নৈ বুকুতে লৈ
মই আছোঁ তোমাকে সোৱৰি
নিজৰেই এন্ধাৰত
আছোঁ নিজে উমলি
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
চকুলো চকুতে শুকাই
মনে মোৰ নিচুকাই
চকুলো চকুতে শুকাই
কোনোবাই ৰিঙিয়াই
(স্বৰগম)
জ্বলি জ্বলি গলি যোৱা
আৰু কত দিন চাবা তুমি
বুকু বিদাৰি চিঙি মোহাৰি
আৰু কত খেল খেলা তুমি
প্ৰেৰণাৰ শেষ বুকুতে লৈ
আছে মাথোঁ বাকি মোৰ অৱশেষ
চকু মেলিলেই চাব
খুজিলেই পাওঁ মাথোঁ
একেই অন্ধ আবেশ
সপোনৰ চলনা
দিঠক ধূসৰ কুঁৱলী
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
চকুলো চকুতে শুকাই
মনে মোৰ নিচুকাই
চকুলো চকুতে শুকাই
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
কোনোবাই ৰিঙিয়াই
