Site icon Daily Life

Lyrics: Maghor Bihu Ahil Moina | Neel Akash

Maghor Bihu Ahil Moina - Neel Akash

Title: Maghor Bihu Ahil Moina (মাঘৰ বিহু আহিল মইনা)
Singer: Neel Akash (নীল আকাশ)
Album: Rangdhali 2011

♪ ♫ Lyrics ♪ ♫

আহ ঐ আহ সমনীয়া
অসমীয়াৰ কৃষ্টি মাঘ আৰু কঙালী
ঐ বহা’গতে ধেমালী কৰো ঐ
সবে মিলি হুঁচৰি জোৰো

সোণৰ মইনা ৰূপৰ মইনা
তোমালোকৰ ঘৰলৈ
সোণৰ মইনা ৰূপৰ মইনা
সদায় যাব পাৰো মই

ঐ মাঘৰ বিহু আহিল মইনা
মাঘৰ বিহু আহিল
মেজিৰ জুইয়ো জ্বলিল মইনা
মেজিৰ জুইয়ো জ্বলিল
মাঘৰ বিহু আহিল মইনা
মাঘৰ বিহু আহিল
মেজিৰ জুইয়ো জ্বলিল মইনা
মেজিৰ জুইয়ো জ্বলিল
অসমীয়াৰ মন প্ৰাণ
ৰঙে ৰসে ভৰিল… মইনা
ৰঙে ৰসে ভৰিল
ঐ বহা’গ বিহু আহিল মইনা
বহা’গ বিহু আহিল
ঢোল পেপাই মাতিল মইনা
ঢোল পেপাই মাতিল
বহা’গ বিহু আহিল মইনা
বহা’গ বিহু আহিল
ঢোল পেপাই মাতিল মইনা
ঢোল পেপাই মাতিল
গছৰ ডালত কুলি চৰাইৰ
হিয়া ভঙা কান্দোন মইনা
হিয়া ভঙা কান্দোন
গছৰ ডালত কুলি চৰাইৰ
হিয়া ভঙা কান্দোন মইনা
হিয়া ভঙা কান্দোন

মাঘৰ বিহু আহিল মইনা
মাঘৰ বিহু আহিল

চাউল চালিবলৈ সুবৰ্ণ চালনী
ধানে জাৰিবলৈ কোলা
আমাৰ জীৱনলৈ আশা নকৰিবা
আমি নহয় শিমলু তুলা
চাউল চালিবলৈ সুবৰ্ণ চালনী
ধানে জাৰিবলৈ কোলা
আমাৰ জীৱনলৈ আশা নকৰিবা
আমি নহয় শিমলু
তুলা… মইনা বাখৰ ঐ
জীৱন বিশাল সাগৰ ঐ
তুলসীৰ তলে তলে মৃগ পহু চৰে মইনা
আশাৰ বন্তি জ্বলে

মাঘৰ বিহু আহিল মইনা
মাঘৰ বিহু আহিল

দেউতাৰ পদূলিত গোন্ধাইছে… মাধুৰি
কেতেকী মলে-মলাই
এ জানৈ… চতাই পৰে বটত জানৈ
পহু জাল পাতিলো… এ জানৈ
চতাইতে হে গধূলি হ’ল

খেতি -পথাৰ ভৰিল মইনা
খেতি-পথাৰ ভৰিল
সোণ গুটি লাগিল মইনা
সোণ গুটি লাগিল
খেতি -পথাৰ ভৰিল মইনা
খেতি-পথাৰ ভৰিল
সোণ গুটি লাগিল মইনা
সোণ গুটি লাগিল
সেউজীয়া পথাৰখনি সোণালী হৈ পৰিল… মইনা
সোণালী হৈ পৰিল
মনৰ হেঁপাহ বাঢ়িল মইনা
মনৰ হেঁপাহ বাঢ়িল
বুকুৰ আশা বাঢ়িল মইনা
বুকুৰ আশা বাঢ়িল
অজানিতে তোমালৈ মোৰ
কিনো মৰম জাগিল মইনা
কিনো মৰম জাগিল

মনৰ হেঁপাহ বাঢ়িল মইনা
মনৰ হেঁপাহ বাঢ়িল

জীয়ৰী হ’বলৈ লাগে ক’ত বেলি
বোৱাৰী হ’বলৈ টান
লখিমী বোৱাৰী পালেহে জানিবা
ৰাখিব ঘৰৰে মান

মানে মইনা বাখৰ ঐ
নলগাবা জগৰ ঐ
এবাৰ যৌৱন হেৰাই গ’লে
পাবা জানো ঘূৰাই মইনা
পাবা জানো ঘূৰাই…

অজানিতে তোমালৈ মোৰ
কিনো মৰম জাগিল মইনা
কিনো মৰম জাগিল

তুলসীৰ তলে তলে মৃগ পহু চৰে মইনা
আশাৰ বন্তি জ্বলে

Exit mobile version